স্প​ৰ্শ​

ক​)

তুমি প্ৰায় সকলোখিনিয়েই হেৰুৱাইছা
যেনেদ​ৰে মই

হেৰুৱাইছা সুখ​-দুখ, ৰদ​ৰ উত্তাপ, উশাহ-নিশাহ​ৰ উত্তেজনা
হেৰুৱাইছা শূণ্যতা, নিৰ্জনতাৰ আত্মা
তোমাৰ অজানিতে এক অজান চোৰে লৈ গৈছে সকলোবোৰ

তথাপিও তুমি চহকী
যেনেদ​ৰে মই

আমি দুয়ো এক বিশাল খুটাত বান্ধি থৈছো আমাৰ আত্মা

খ)

সপোন দেখিছা সুস্বাদু খাদ্যৰ, নিৰ্বাসিত ক​ৰিছা ভোক-পিয়াহ
আকাশখন যেন হব কাঁহি এখন, ত​ৰাবোৰ চানাভজা
নদী এখন হব এপিয়লা পানী

তথাপিও তুমি জোনাক
যেনেদ​ৰে মই

আমি এই ধুনীয়া চহ​ৰখন দান ক​ৰিছো হৃদ​য়হীন সম​য়ক

গ​)

গোটেই গাতে জুই লগাই বহি আছা
যেনেদ​ৰে মই
তপত অঙঠাত পেলাই দিছা কলিজা, তোমাৰ ভালপোৱা
আঙুলিবোৰ, ওঁঠযোৰ, তোমাৰ ঘ​ৰ-বাৰী
জুয়ে পোৰা লোৰ দ​ৰে দগ-মগীয়া ক​ৰি তুলিছে তোমাৰ দেহ

তথাপিও তুমি সেউজ​
যেনেদ​ৰে মই

আমি আমাৰ দুয়োযোৰ চকু সেউজীয়াক ধাৰলে দিছো

ঘ​)

লাহে- লাহে এই পৃথিবীখন ভাল নলগা হৈ অহিছে তোমাৰ
যেনেদ​ৰে মোৰ

তুমি গুছি গৈছা এই প​ৰিসীমা পাৰ হৈ
মহাশূণ্যত আঁকিছা পৃথিবীৰ ছবি, সময়বোৰ, আঁকিছা হাঁহিবোৰ
তোমাৰ চিত্ৰ-কলাত বিয়পি আছে আমি নোপোৱা সকলোবোৰ

তথাপিও ঘূৰি আহিছা
যেনেদৰে মই

আমি এই পৃথিবীৰ সিপাৰে থৈ আহিছো সকলো নিদাৰুণ অভিজ্ঞতা

ঙ​)

তোমাৰ ভ​য়ানক অসুখ, হেৰুৱাইছা সকলো স্মৃতি
যেনেদ​ৰে মই

পাহ​ৰিছা জন্ম​-নক্ষত্ৰ, তোমাৰ নাম, পাহ​ৰিছা সমস্ত কলা
ভুলতে মোৰ জেপ খুচ​ৰি পাইছা হৃদ​য়খন
দাবী ক​ৰিছা তোমাৰ বুলি

তথাপিও তুমি অপ্ৰেম
যেনেদ​ৰে মই

________________________________
১৯৯৩, গুৱাহাটী - ২০০৫, তেজপুৰ
প্ৰথম প্ৰকাশ: শ্ৰীময়ী, শাৰদীয় সংখ্যা, ১৯৯৩

সম্পাদকৰ টোকা

স্প​ৰ্শ পাঁচোটা আন্তঃসংযোজিত স্তৱকত ব্য়াপ্ত । প্ৰতিটো স্তৱকেই "তুমি" আৰু "মই"ৰ সমান্তৰাল আধাৰত গঢ় লৈ উঠিছে, যাৰ ফলত ব্যক্তিগত স্বীকাৰোক্তিৰ পৰিৱৰ্তে এক উমৈহতীয়া অভিজ্ঞতাৰ ক্ষেত্ৰ সৃষ্টি হৈছে। হেৰুৱা, ভোক, প্ৰেম, কলা, ৰোগ আৰু পাহৰি যোৱা আদি একক ঘটনা হিচাপে নহয়, বৰঞ্চ একক আভ্যন্তৰীণ যাত্ৰাৰ পৰ্যায় হিচাপেহে প্ৰকাশ পাইছে। পুনৰাবৃত্তি—বিশেষকৈ "যেনে মই আছোঁ" বুলি বাৰে বাৰে দিয়া দৃঢ় স্বীকৃতিটোৱে—খণ্ডবোৰক একত্ৰিত কৰিছে, আৰু পৰিচয়, প্ৰতিবিম্ব আৰু পাৰস্পৰিক সহনশীলতাক গুৰুত্ব দিছে।

শৈলীৰ ফালৰ পৰা কবিতাটো সংক্ষিপ্ত,মন্ত্ৰোচ্চাৰণৰ দৰে। চুটি শাৰী, মৌলিক দৃশ্যকল্প (জুই, খাদ্য, পোহৰ, সেউজীয়া, শূন্যতা), আৰু সংযত বাক্য-গঠন কবিতাৰ সংযত ব্য়াখ্য়াৰ প্ৰমাণ তুলি ধ​ৰিছে । অভাৱে উজ্জ্বলতাৰ পথ মুকলি কৰে, ভোক দৃষ্টিত পৰিণত হয়, আৰু দুখ-কষ্ট সৃষ্টিলৈ ৰূপান্তৰিত হয়।

স্প​ৰ্শ ই প​ৰিশেষত এক উমৈহতীয়া, অমীমাংসিত অস্তিত্বৰ দিশে ইংগিত দিছে, যঽত পৰিচয়, প্ৰেম আৰু স্মৃতি অস্পষ্ট , আৰু জীয়াই থকাটোৱেই এক নীৰৱ, সামূহিক কাৰ্যলৈ প​ৰিব​ৰ্তিত হৈছে।

Select language