নাম নাই

সন্ধিয়া নামিছে
কানি-মুনি বাট​,
পোহ​ৰেও নেদেখা ঘাট ।

ঠিক এইখিনিতেই
পোহ​ৰ​ৰ যোজন তলীত
ৰদ​ৰ শিপা
গান​ৰ আস​ৰ
অথবা
ইতিহাস​ৰ অজানা নায়ক ।

হঠাৎ কোনোবাই পিঠিত হাত থৈ.....

এতিয়া ঘ​ৰলৈ ওভতাৰ সম​য় ।

__________________________
১৯ ডিচেম্ব​ৰ​, ২০২৪
মহামায়া হোটেল​, পানবজাৰ​, গুৱাহাটী

সম্পাদকৰ টোকা

নাম নাই  এক সন্ধিক্ষণৰ কবিতা — পোহৰ আৰু এন্ধাৰৰ , গতি আৰু স্থবিৰতাৰ , উপস্থিতি আৰু প্ৰস্থানৰ। ইয়াত সন্ধিয়াই এক নিৰ্দ্দিষ্ট সময়ক নিৰ্দ্দেশ কৰা নাই। সন্ধিয়া অনিশ্চয়তাৰ পৰিচায়ক, যঽত যাত্ৰাপথ অস্পষ্ট, পথ-নিৰ্দ্দশনা ধূসৰ । কবিতাটোৱে বহু সম্ভাৱনাৰ উল্লেখ কৰিছে যদিও কোনো স্থিৰ পথ-নিৰ্দ্দশনা দিয়া নাই। এই অনিশ্চয়তা ইচ্ছাকৃত; কবিতাৰ শিৰোনামেই কৌশলেৰে এই অনিশ্চয়তাৰ প্ৰমাণ দিছে । ঘৰলৈ উভতি অহাই বিমূৰ্ততাৰ পৰা আত্মপ্ৰত্যাৱৰ্তনৰ অন্তৰংগতালৈ অহাৰ ইঙ্গিত দিছে ।

শৈলীৰ ফালৰ পৰা, কবিতাটো সংক্ষিপ্ত আৰু পৰিৱেশপূৰ্ণ। সংযমিত, সাৱধান গতি নাম নাইৰ দিক্-দৰ্শক​। নীৰৱতা আৰু আন্তৰিক আৱেগ মূল আকৰ্ষণ ।

Select language