
সোণাৰু ফুলিছে
অভং সপোন এটাই খেদি ফুৰিছে
দিন নাই - ৰাতি নাই
বাটৰ দুয়োকাষে সোণাৰু ফুলিছে
হালি-জালি উবুৰি হৈ পৰিছে
জলপ্ৰপাতৰ হাঁহি
চোৰাংচোৱা হৈ ৰৈ আছে এখন প্ৰাচীন তোৰণ ।
ঘড়ী আগবাঢ়িছে
টিক্-টিক্, টিক্-টিক
হঠাৎ স্থানুঃ হৈছে সময়
বিপন্নতাই আৱৰিছে তেজৰ দাগ ।
গছ -পাতৰ কাৰ্ণিছত কিছুমান কাঁইটীয়া সোণৰ লাটুম ।
প্ৰবল ধুমুহাত ভাগি পৰিছে ঘৰ-দুৱাৰ
উদ্গিৰিত হৈছে আগ্নেয়গিৰি
গোট মাৰিছে তেজৰ উষ্ণতা ,
প্ৰতি খোজতেই একোখন বলিশাল, একো-একোটা ভয়াবহ জল্লাদ ।
তৰপে - তৰপে ঢাক খাই আহিছে আগ্নেয় পৃথিবী ।
কাক ভেঙুচালি কৰে কোনে
সকলোৰে বুকুত একোটা গধূৰ শিল
বিশাল সেউজীয়াৰ ঠাইত পাৰাপাৰহীন শূণ্যতা ।
অভং সপোন এটাই খেদি ফুৰিছে
____________________________________
১২ আগষ্ট্, ১৯৯৪, পুনে (মহাৰাষ্ট্ৰ)
প্ৰথম প্ৰকাশ: সাপ্তাহিক জনমভূমি, এপ্ৰিল্, ২০০৭
সম্পাদকৰ টোকা
সোণাৰু ফুলিছে অন্বেষণ আৰু আশাভঙ্গৰ কবিতা—সৌন্দৰ্য আৰু সংকটৰ বিৰোধ । সোনাৰু ফুলা দৃশ্য—উজ্জ্বল, প্ৰাচুৰ্য্যৰে পূর্ণ, প্ৰায় উৎসৱৰ দৰে। ইয়াৰ বিপৰীতে, এটা অস্বস্তিকৰ বৈপৰীত্য; য’ত সময় স্থবিৰ, যেন ধ্বংসলীলাত ত্ৰষ্টমান পৃথিবী। পিছে, মানুহৰ সময় থমকি ৰ’লেও, প্ৰকৃতিৰ গতি চিৰন্তন।
কবিতাটোৱে মানসিক আৰু ঐতিহাসিক স্থবিৰতাৰ প্ৰতিফলনক তুলি ধৰিছ। সময় হঠাৎ আগবাঢ়িছে, হঠাতে থমকি ৰৈছে। বিঘ্নই সংকটৰ মুহূৰ্ত চিহ্নিত কৰিছে। জলপ্ৰপাত হাঁহে, কিন্তু গোপণে; তোৰণবোৰে স্বাগতম জনাবলৈ নহয়, অপেক্ষা কৰিবলৈহে থিয় দিছে।হিংসাক বাহ্যিক আৰু অন্তৰ্নিহিত দুয়োদিশৰ পৰাই দেখুওৱা হৈছে । সেউজীয়াঠাইত পাৰাপাৰহীন শূন্যতা। ই ধাৰাবাহিকতা—আগবাঢ়ি যোৱাৰ, পাৰ হোৱাৰ, আগলৈ কল্পনা কৰাৰ সক্ষমতা। তথাপিও,সোনাৰু ফুলিছে, সপোনে এতিয়াও খেদি ফুৰিছে। এই চক্ৰাকাৰ গতিয়ে সমাপ্তি অস্বীকাৰ কৰে।



