
প্ৰস্তাৱনা
সেই যে দেখিছা পোহৰ হ’ব খোজা সময়ৰ সোণালী সাঁকো
দেখিছানে সোনাৰু হালধীয়া ৰ’দ
দেখিছানে ৰ’দৰ কোলাত উমলি থকা এজাক ৰঙীণ পখিলা
ঠিক সেইখিনিতেই আমাৰ পুৰাতন ঘৰ
প্ৰতিদিন দোকমোকালিতে ঘোঁৰাবাগীৰ পৰা নামে
ভেন্ গঘ, ৰামকিংকৰ, জীৱনানন্দ,
নীলমণি, পাৰ্বতী বাউল…
মাজে-মাজে দেখা দিয়ে মাৰ্ক্স-লেনিন
জীৱনৰ গান বাজে
গোৰিলা থিয়েটাৰৰ মাটি-আখৰা চলে
ভাগৰি পৰে চফদৰ
হঠাৎ খং কৰি গুছি যায় হেমন্ত কুমাৰ
গান আধৰুৱা, কবিতাৰ শব্দবোৰ হেৰাই যায় তোমাৰ চকুত
তুমি থাকাই বা নাথাকা
তুমি জানাই বা নাজানা
মই মোক বিচাৰি তচনচ্ কৰোঁ
তোমাৰ ৰং-তুলিকা, কেনভাচ্
তোমাৰ গান আৰু আধৰুৱা গানবোৰ
মই হালধীয়াৰ অটল তলীত লুকাই থাকোঁ নিজেও নজনাকৈ
বন্ধু, আহিবা এদিন
গান নাই, শব্দ নাই
নিঃশব্দ
কেৱল অসীমৰ নিৰৱতাত
চকুত চকু থৈ বিচাৰিম
ইজনে-সিজনক
ঠিক সেইখিনিতেই আমাৰ পুৰাতন ঘৰ
___________________
০৮/০১/২০২৫, তেজপুৰ
সম্পাদকৰ টোকা
প্ৰস্তাৱনা স্মৃতি আৰু আত্ম-অনুসন্ধানৰ এক প্ৰতিচ্ছবি । পুৰাতন ঘৰৰ চিত্ৰকল্পই পুনৰাবৃত্তিৰ জৰিয়তে স্মৃতি, শিল্পগত উত্তৰাধিকাৰ আৰু নৈতিক অনুসন্ধানক সংযোগ কৰিছে, য’ত ইতিহাস সংৰক্ষিত হৈ থকাৰ সলনি সদা-সক্ৰিয় অৱস্থাত থাকে।শিল্পী, চিন্তাবিদ আৰু বিপ্লৱীসকলৰ আগমনে সৃষ্টি, দৃষ্টি আৰু প্ৰতিবাদক প্ৰতিনিধিত্ব কৰিছে।
শিল্প সম্পূৰ্ণ নহয়, সমষ্টিগত আৰু অপূৰ্ণ - সংঘাত আৰু বিচ্ছিন্নতাৰে ভৰা এক প্ৰক্ৰিয়া। “তুমি” সম্বোধনটোৰে আত্ম-অনুসন্ধানৰ পথত স্ব-বিৰোধিতা আৰু অন্তর্দ্বন্দ্বক নিৰ্দ্দেশ কৰা হৈছে। পিছে,অন্তর্দ্বন্দ্ব আৰু স্ব-বিৰোধিতাৰ বিক্ষিপ্ত সুৰুঙাৰে কবিয়ে শব্দ বা অভিনয় বিহীন সময়ৰ আহ্বান কৰিছে । এয়া হতাশা নহয়, নষ্টালজিয়াৰ প্ৰকাশো নহয়; বৰঞ্চ আত্মিক উপলব্ধিৰ অনুভূতিহে ।
শৈলীৰ ফালৰ পৰা, কবিতাটো গীতিময়তা আৰু খণ্ডিত চিত্ৰকল্পৰে গঢ়া। শান্তিৰ সুক্ষ্ম অনুভুতি আৰু পৰিপাটী সামৰণিৰ অস্বীকাৰকৰণে কবিতাৰ সাৱলীলতা হ্ৰাস কৰা নাই।



