
সময়ৰ শিপা
সূৰ্য্য উঠাৰ আগেয়েই পাহাৰ শিখৰলৈ আগুৱাইছো
দূৰনিত বাজিছে গীৰ্জাৰ ঘন্টা
কল্যাণ গীতৰ ৰূপচ্ছাঁয়া
স্বপ্নদৃষ্ট তীৰ্থযাত্ৰীৰ হৃদয় মথি অহা
জীবন-বীক্ষা
বুকুভৰা গান আছে
গানবোৰ ভালপোৱাৰ সতেজ শিপা
তানপুৰাত সেউজীয়াৰ আঙুলি নাচে
জলপ্ৰপাতৰ কলৰৱ, বেদনা-বিষাদ
হাঁহিৰে, চকুলোৰে
দৃষ্টিত সবাক নিৰাপত্তা
সৃষ্টিৰ নিৰলস প্ৰজ্ঞা
কবিতাৰ শব্দবোৰ
ভালপোৱাৰ কমাৰশালত গঢ়া
প্ৰোজ্বল খনিকৰ
আলিকেকুঁৰিত দোঁ-খাই পৰিছে
সুমথিৰা সময়
ৰঙ নে ৰঙৰ সুঘ্ৰাণ, স্বপ্ন নে স্বপ্নৰ সৃষ্টি
নিঃশব্দ নে নিঃশব্দৰ গান
এয়াই নেকি হেমন্ত,
কিম্বা বসন্ত
এই বাটেই আগবাঢ়িব সময়
ৰূপকথাৰ কথকতা
স্বপ্ন,স্মৃতি,বিষাদ
সুমথিৰাৰ আবেগত গলিপৰা পাহাৰবোৰত
জীৱনৰ অজেয় শিপা
________________
০১/০১/২০২৫, গুৱাহাটী
সম্পাদকৰ টোকা
সময়ৰ শিপা নীৰৱ আৰম্ভণিৰ এক প্ৰত্যাশা। পাহাৰ শিখৰলৈ আৰম্ভ কৰা যাত্ৰা শাৰীৰিক আৰু অন্তৰ্মুখী মনোযোগৰ এক অনুশীলন যঽত বিশ্বাস, শিল্প আৰু জীৱিত অভিজ্ঞতা মিলিত হৈছে । গিৰ্জাৰ ঘণ্টাধ্বনিয়ে ধাৰ্মিক অভ্যাসক নিৰ্দেশ কৰা নাই, বৰঞ্চ এই চিত্ৰকল্প ছাঁ আৰু পোহৰক একেলগে ধৰি ৰখাৰ প্ৰয়াসৰ অনুৰণনহে ।
সংগীতেই কবিতাটোৰ অন্তৰ্জীৱন। তানপুৰাৰ দীঘল সুৰ, সেউজীয়াৰ আত্মীয়তা, আৰু জলপ্ৰপাতৰ ধাৰাই প্ৰেম, দুখ আৰু আনন্দৰ অবাৰ্চীন উপলব্ধিৰ গতিশীলতাক নিৰ্দেশ কৰিছে ।
সৃষ্টিৰ প্ৰক্ৰিয়া ধৈৰ্য্যশীল আৰু অবিৰত; কবিতা ইয়াৰ অলংকাৰ নহয়, বৰঞ্চ সাধনা আৰু শিল্পকৌশলেৰে গঢ় লোৱা এক শ্ৰমৰ ফচল। আলিকেকুঁৰিত সময় থমকি ৰয়: সীমাৰেখাবোৰ অস্পষ্ট , ঋতু অনিশ্চিত, আৰম্ভণি আৰু অন্তৰাল অভিন্ন। সময়ৰ শিপাই গতিশীল স্থায়িত্বকেই স্বীকাৰ কৰিছে । নীৰৱভাৱে স্থায়ী শিপাৰ ওপৰত ভৰ দিসময় আগবাঢ়িছে। স্মৃতি আৰু সপোন একাকাৰ হৈছে।



