
ক্ৰমশঃ
ক্ৰমশঃ মই হেৰাই যাওঁ
তোমাৰ মাজত
আকাশৰ দেওনাহীন দূৰত্বত
চিলাৰ দেওলগা পাখি
পূৰাতন ঘোড়াবাগীত
মিউজিয়ামৰ ৰজা-মহাৰজাঃ
বাঁহনিবাৰীৰ আপইতা বাঁহ
আকাশ ওন্দোলাই মেঘ
অস্বভাবিক প্ৰশ্বাসৰ উত্তেজনা
জুইত ছট-ফটায়
এক ৰং-বিৰঙ্ চোলা
নৃত্যৰতা ডাইনীৰ ডিঙিত
কবন্ধ নাগৰিক
বতাহত ভাঁহিছে পুৰণি গান
ধোঁৱা হৈ উৰিছে
যুবা দিন
ক্ৰমশঃ মই হেৰাই যাওঁ
তোমাৰ মাজত
___________
১৯৯৭, নগালেণ্ড
সম্পাদকৰ টোকা
ক্ৰমশঃ অৱক্ষয়ৰ প্ৰতিফলন—স্বয়ং সত্তাৰ, সময়ৰ, ৰাজনৈতিক আৰু আবেগিক নিশ্চয়তাৰ ক্ষয়। “তোমাৰ মাজত হেৰাই যোৱা” ই কেৱল ৰোমান্টিক লীনতাই নহয়; ই এক বৃহত্তৰ, নামবিহীন শক্তিৰ সন্মুখত আত্মসমৰ্পণ। অংশীদাৰিতা আৰু কৰ্তৃত্ব হেৰুৱাৰ সংকেত।
কবিতাটোৰ চিত্ৰসমূহ বিভিন্ন স্তৰত মুখামুখি হৈছে —মিউজিয়ামত বন্দী ৰজা-মহাৰজা, জুই আৰু ডাইনীৰ, চিলা আৰু কৱন্ধ (চেতনাশূণ্য) নাগৰিক,ধোঁৱা হৈ উৰি যোৱা (বিফল) যৌৱন বীক্ষা। এই সংযোজনবোৰে এনে এক জগতৰ আভাস দিয়ে, য’ত মানব ইতিহাসৰ কলঙ্কিত অধ্যায়ৰ পূণৰাবৃত্তি ঘটে , ক্ষমতালিপ্সু শাসকৰ শোষণ-নিষ্পেক্ষণৰ মূল্য বহন কৰে সাধাৰন জনতাই। “আকাশৰ দেওনাহীন দূৰত্ব”ই মুক্তিৰ দিক-নিৰ্দ্দেশনা দিয়ে, কিন্তু মুক্তি অপ্ৰাপ্য, অসাধ্য — চিকাৰী চৰাই হৈ জনতাৰ প্ৰতিটো খবৰ ৰাখে শোষক জননায়কে ।
ক্ৰমশঃ এক কৰুণ আৰ্তনাদ । কণ্ঠ ৰূদ্ধ, স্মৃতি বিনষ্ট, আৰু প্ৰতিৰোধ অনুচ্চাৰিত।



